|| ঘোষা ||:
ৰাগ ।। বসন্ত
ধ্রুং - মন ভজহু কমলাপতি গতি কোই আন।
হৰিপদ-সেৱা নিগম পৰমাণ।।
|| পদ ||:
পদ- হৰিপদযুগ-সেৱা ভকতি নিশ্চয়।
ওহি মুকুতি হৰিপদক লংঘয়।।
কমন মুৰুখে দাস-ভাৱক তেজয়।
হৰিপদ লংঘি সুখ মুকুতি বাঞ্ছয়।।
জানি হামাৰি মন কৰু হৰি সেৱা।
নিত্য নিৰঞ্জন হৰি দেৱকু দেৱা।।
একান্তিক সুখ হৰিচৰণ উপাসা।।
কহয় মাধৱ হৰি দাসকু দাসা।।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1419 reads