ৰাগ - মাউৰ
ধ্ৰুং- দেখাে মাই আৱত নন্দকু লালা।
নিন্দি নটবৰ মূৰুতি মনােহৰ
শ্যাম মদন গােপাল।।
পদ- বাম বাহুত মিলিত মনােৰম
ললিত বাম কপােল।
অধৰে অর্পিত কনক বিৰচিত
মধুৰ মুৰুৰী অমােল।।
অধৰ শােণিমা চিবুক শ্যামিমা
বংশী শােভিত ভাল।
প্ৰবাল মৰকত জড়িত যৈছন
হেমপংকজ নাল।।
ভ্ৰুৱ উন্নত চাপ মনমথ
নয়ন তসু পঞ্চবাণ।
কহ্য় মাধৱ মৰমে হানি হৰি
হৰল গােপিনীক প্ৰাণ।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1941 reads