দেখত নাগৰ নট বিলসিয়া (মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত)
ৰাগ - মাউৰ
ধ্ৰুং- দেখত নাগৰ নট বিলসিয়া
বালক মহ কানু সাজতৰি৷
ভুৱন সুন্দৰ বৰ শ্যাম মনােহৰ
চান্দ কোটি জিনি ৰাজতৰি।।
পদ- ৰতন ভূষণ চাৰু অংগ বিভূষিত
চৰণে মঞ্জীৰ মণি ৰাজতৰি।
ভ্ৰুৱ সুৱলিত চাৰু বংকিম লােচন
পেখি মদন কোটি লাজতৰি।।
ঈষত মধুৰ হাসি বাঁশী বিনােদন
মােদিত পঞ্চম গাৱতৰি।
নন্দকুমাৰ চৰণযুগ ৰাজীৱ
মাধৱ মন ৰহু ভাৱতৰি।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1621 reads