ৰাগ - ভাটিয়ালী
ধ্ৰুং- দয়াৰ ঠাকুৰ হৰি যদুমণি ঐ ৰাম
অধমে তােমাৰ নাম ডাকে।
কৃপা কৰা নাৰায়ণ আমাৰ চঞ্চল মন
তােমাৰ চৰণে যেন থাকে।৷
পদ- এক বিপ্ৰ অজামিল মন্দমতি পাপশীল
পুত্ৰভাৱে সুমৰি তােমাৰে৷
কর্মবন্ধ ভৈল নাশ পাইলন্ত বৈকুণ্ঠে বাস
ইটো আতি বিদিত সংসাৰে।।
তাতাে কোটি কোটি গুণ পাপমতি নিদাৰুণ
তােমাৰ নামক কৈলাে আশা।
পৰম পতিত আমি পতিতপাৱন তুমি
ই জানিয়া কৰিলো ভাৰসা।।
ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল
ধন্য ধন্য ভাৰতবৰিষে।
তপ জপ যজ্ঞ তেজি তােমাৰ চৰণে ভজি
তুৱা নাম ঘুষিবাে হৰিষে।।
সকল নিগমে কয় অতএ তােমাক পায়
আক ভালে জানি নাৰায়ণ।
মাধৱ মুৰুখমতি তুৱা পাৱে যদুপতি
সত্যে সত্যে পশিলো শৰণ।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 6282 reads