You are here

দেখু সখি মধুৰ মূৰুতি হৰি (মহাপুৰুষ শ্ৰীশ্ৰী শঙ্কৰদেৱ বিৰচিত)

ৰাগ - ধনী 

ধ্ৰুং- দেখু সখি মধুৰ মূৰুতি হৰি৷

ধৰি অধৰে পূৰে মুৰুৰী।। 

পদ- তনু অভিনৱ ঘনকালা।

উৰে লুলে কদম্বক মালা।। 

পীত অম্বৰ তড়িত জ্যোতি। 

জলে কস্তুগলে গজমোতি।। 

মণি কৌস্তুভ কণ্ঠত লুলে। 

চাৰু শিৰে শিখণ্ডক ভোলে।। 

নীল অলক লােলে কপালে। 

কর্ণত মকৰ কুণ্ডল ডােলে।। 

ভূজ কঙ্কণ ৰঙ্গে কেয়ূৰে৷ 

কটিত কনক কিঙ্কিণী ঝুৰে।

পদপঙ্কজ মঞ্জীৰ ৰােলে।

কৃষ্ণকিঙ্কৰ শঙ্কৰে বােলে।।

- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত