You are here

চতু: অৱ: ৩য় কী: নৰহৰি গোৱিন্দ....

|| ঘোষা ||: 

নৰহৰি গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম।।৩।।


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত

|| পদ ||: 

সনতকুমাৰ অৱতাৰে তুমি হৰি।

ফুৰিলা দুষ্কৰ ব্ৰহ্মচৰ্য্য ব্ৰত ধৰি।।

পৃথু ৰাজা তােমাত সুধিলা মহাজ্ঞান।

সমস্ত তত্ত্বক তুমি কৰিলা বাখ্যান।।১৫।।

ভৈলাহা নাৰদ ঋষি নামে অৱতাৰ।

পঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ।।

যাক আচৰিলে মহা মোক্ষ পদ পাই।

হৰিৰ কীৰ্ত্তন কৰি ফুৰা বীণা বাই।।১৬।।

ভৈলা অৱতাৰ আৰো নৰনাৰায়ণ।

কৰিলা দুষ্কৰ তপ চিত্তৰ শোধন।।

তােমাক মুহিবে কামদেৱ আইলা সাজি।

দৰ্পচূৰ কৰিলা উলটি গৈলা লাজি।।১৭।।

কপিল স্বৰূপে আৰো ভৈলা অৱতাৰ।

লুপ্ত ভৈল জ্ঞান তাক কৰিলা প্ৰচাৰ।।

তােমাৰ প্ৰসাদে যোগ জানি দেৱহুতি

তােমাৰ চৰণ চিন্তি লভিলা মুকুতি।।১৮।।

দত্তাত্ৰেয় নামে ভৈলা অত্ৰিৰ তনয়।

পুছিলন্ত যোগ যদু অলৰ্ক হৈহয়।।

তিনিও ৰাজাত কৈলা যোগৰ যুগুতি।

তােমাৰ প্ৰসাদে পাইলা পৰম মুকুতি।।১৯।।

যজ্ঞ অৱতাৰে ভৈলা দেৱতাৰ ৰায়।

যামা নামে দেৱগণ লগত সহায়।।

স্বায়ম্ভূৱ মনুৰ দিনত তুমি হৰি।

ইটো ত্ৰিজগতক আছিলা ৰক্ষা কৰি।।২০।।

পুত্ৰ ভৈলা নাভিৰ ঋষভ নামে তুমি।

জড়যোগচৰ্য্যা ধৰি পৰ্য্যটিলা ভূমি।।

পৰম জ্ঞানৰ পথ দেখাইলা আপুনি।

পৰম পদক পাৱে যাক জানি শুনি।।২১।।

অৰাজক ভৈলা নষ্ট হোৱে সৱে প্ৰজা।

দেখি তুমি ভৈলা পৃথু নামে আদি ৰাজা।।

পৃথিৱীক ধৰিয়া দুহিলা সৰ্ব্ব ৰস।

জগততে ব্যাপিলা তােমাৰ মহাযশ।।২২।।

সাগৰ মথন্তে অমৃতৰ ঘট ধৰি।

ধন্বন্তৰি নামে অৱতাৰ ভৈলা হৰি।।

যত বৈদ্যশাস্ত্ৰচয় কৰিলা প্ৰকাশ।

যাহাক জানিলে হোৱে ব্যাধিৰ বিনাশ।।২৩।।

ধৰিলাহা সংসাৰমোহিনী নাৰী ৱেশ।

দুষ্ট দৈত্যগণক মুহিলা হৃষীকেশ।।

ভকত দেৱক পান কৰাইলা অমৃত।

তােমাৰ প্ৰসাদে ইন্দ্ৰ ভৈলা কৃতকৃত্য।।২৪।।